গুৱাহাটী মহানগৰীত দিছপুৰৰ জনতা ভৱনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি অসম ৰাইচ মিলাৰ এছ‘চিয়েচনৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত অংশ লয়। বৈঠকত অসম ৰাইচ মিলাৰ এছ‘চিয়েচনৰ প্ৰতিনিধিসকলে তেওঁলোকে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সম্বলিত আবেদন মন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰাৰ লগতে সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ এই সমস্যাসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰা হ‘ব বুলি আশ্বাস দিয়াৰ লগতে বিভাগীয়ভাৱে পদক্ষেপ গ্ৰহণ কৰা হ‘ব বুলি প্ৰকাশ কৰে।
Assamese | September 11, 2024 8:01 PM | Ranjit das
অসম ৰাইচ মিলাৰ এছ’চিয়েচনৰ প্ৰতিনিধিৰ সৈতে ৰঞ্জিত কুমাৰ দাসৰ বৈঠক