ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ধুবুৰী জিলাত জিলাখনৰ বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত কাম-কাজৰ পৰ্যালোচনা কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰী শ্ৰী দাসে খাদ্য, অসামৰিক যোগান, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, কৃষিকে ধৰি ৩৩টা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজ পর্যালোচনা কৰাৰ লগতে অগ্ৰগতিৰ খতিয়ান লয়। মন্ত্ৰীগৰাকীয়ে জিলাখনত ৫৮ খন চৰণীয়া পথাৰ থকাৰ কথা উল্লেখ কৰি এই সংৰক্ষিত অঞ্চলসমূহক গ্ৰাম্য অৰণ্য হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰা হ’ব বুলি উল্লেখ কৰে। জিলাখনত বাদাম খেতিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত এই খেতিৰ বাবে কৃষকসকলক আকৃষ্ট কৰিবলৈ পদক্ষেপ গ্ৰহণৰ বাবে কৃষি বিভাগক নির্দেশ দিয়ে।
Assamese | September 24, 2024 9:22 PM | ranjeet das dhguburi meeting
ধুবুৰী জিলাত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ