উচ্চতম ন্যায়ালয়ে ২০০৮ চনৰ ৩০ অক্টোবৰত ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰৰ মূল অভিযুক্ত এন ডি এফ বিৰ মুৰববী ৰঞ্জন দৈমাৰীৰ জামিন আবেদন অগ্ৰাহ্য কৰিছে। ন্যায়ালয়ে আজডি গোচৰৰ বৰ্তমানৰ স্থিতিলৈ চাই দৈমাৰীৰ আবেদন অগ্রাহ্য কৰে। সৰ্বোচ্চ ন্যায়ালয়ে লগতে ২০২৫ বৰ্ষৰ শেষ ভাগলৈ মূল গোচৰটোৰ শুনানি অনুষ্ঠিত হ‘ব বুলি স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে এখন বিশেষ আদালতে ৮৮গৰাকী নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা ২০০৮ চনৰ বোমা বিস্ফোৰণৰ সংক্ৰান্তত ৰঞ্জন দৈমাৰী আৰু আন ৯জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে দৈমাৰীক প্ৰদান কৰা যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিছিল। ইয়াৰ পাছতে দৈমাৰী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
Assamese | December 18, 2024 8:29 PM | Ranjan daimari
ৰঞ্জন দৈমাৰীৰ জামিন আবেদন অগ্ৰাহ্য উচ্চতম ন্যায়ালয়ৰ