যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱাৰ সন্ধানত আৰক্ষীয়ে ভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিছফালৰ ব্ৰহ্মপুত্ৰত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে শ্ৰীবৰুৱাৰ সন্ধানত অভিযান চলায়। অৱশ্যে এইপর্যন্ত সংগীত পৰিচালকগৰাকীৰ শুংসূত্ৰ ওলোৱা নাই। সংগীত পৰিচালকগৰাকীৰ সন্ধানত ব্যৱহাৰ কৰা স্নিফাৰ ডগে তেওঁৰ গতিবিধি নদীৰ পাৰলৈকে ধৰা পেলাইছে। অৱশ্যে তাৰ পৰা উভতি অহাৰ কোনো তথ্য পোৱা হোৱা নাই বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই প্ৰকাশ কৰিছে। তেওঁ কয় যে শ্ৰী বৰুৱা সন্ধানহীন হৈ থকা ঘটনাৰ আঁৰত কোনো বাহ্যিক কাৰক জড়িত নাই আৰু ব্যক্তিগত নাইবা পাৰিবাৰিক কাৰণতহে তেওঁ ওলাই যোৱাৰ তথ্য পোৱা গৈছে।
Assamese | July 24, 2024 7:52 PM | ramen barua missing
যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱাৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত