নগাঁও জিলাৰ কলিয়াবৰৰ আমবাগান নিবাসী পেৰা চাইক্লিষ্ট ৰাকেশ বণিকে মস্কো চহৰৰ পৰা চাইকেল চলাই কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ উদ্দেশ্যে আজি কলিয়াবৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। ‘ভগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ শীৰ্ষক শ্ল’গানেৰে এখন কৃত্রিম ভৰিৰ সহায়ত চাইকেল চলাই পূর্বে অভিলেখ স্থাপন কৰা ৰাকেশে এইবাৰৰ ভ্ৰমণত অসমৰ পৰ্যটন খণ্ডত বিশ্বৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াস চলাব। এটা পথ দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা ৰাকেশ বণিকে অসম ৰাজ্যিক নির্বাচন আয়োগৰ এগৰাকী নির্বাচনী আইকন হিচাপেও স্বীকৃতি লাভ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত একমাত্ৰ পেৰা চাইক্লিষ্ট হিচাপে পৰিগণিত হোৱা ৰাকেশে এই যাত্ৰাত ৰাছিয়া, কাজাকিস্তান, কির্গিস্তান, চীন, তিব্বত, নেপাল আৰু ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি ৪ মাহ পাছত গুৱাহাটীত উপস্থিত হোৱাৰ কথা।
Assamese | April 23, 2025 1:28 PM | Rakesh banik
কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ উদ্দেশ্যে পেৰা চাইক্লিষ্ট ৰাকেশ বণিকৰ যাত্ৰা আৰম্ভ