অসমৰ ৰাজ্যসভাৰ দুয়োখন আসনতে এন ডি এৰ প্ৰাৰ্থীয়ে বিনাপ্রতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে। ৰাজ্যসভাৰ খালী হোৱা আসন দুখনৰ বিপৰীতে অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ কনাড পুৰকায়স্থই মনোনয়ন দাখিল কৰিছিল। এই আসন দুখনৰ বাবে বিৰোধীয়ে কোনো প্রার্থী প্ৰক্ষেপ নকৰাত কালি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা দুয়োগৰাকী প্ৰাৰ্থীকে জয়ী হোৱা বুলি ৰাজ্যসভাৰ নিৰ্বাচনী বিষয়াই ঘোষণা কৰে। অসম বিধানসভাৰ প্ৰাংগণত থকা ৰাজ্যসভা নির্বাচন পৰিচালন কাৰ্যালয়ৰ পৰা দুয়োগৰাকী প্ৰাৰ্থীয়ে কালি আনুষ্ঠানিকভাৱে জয়ৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে কাইলৈ ১৪ জুনত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ সাংসদ মিছনৰঞ্জন দাসৰ কাৰ্য্যকাল উকলি যাব।
Assamese | June 13, 2025 12:34 PM | rajya sabha from assam 2
ৰাজ্যসভাৰ অসমৰ দুয়োখন আসনতে এন ডি এৰ প্ৰাৰ্থীৰ বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ