কেন্দ্ৰীয় চৰকাৰৰ বৰষুণৰ পানী ধৰা কাৰ্যসূচীৰ অধীনত আৰম্ভ কৰা জল সঞ্চয় জন ভাগিদাৰী অভিযানৰ উত্তৰ-পূৰ্বাঞ্চল আৰু পাৰ্বত্য জিলা শাখাত জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাই দ্বিতীয় স্থান লাভ কৰিছে। বৰষুণৰ পানী ধৰা কাৰ্যসূচীৰ অধীনত আদৰ্শ জিলা তথা সমুদায় ভিত্তিত জল সংৰক্ষণৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ জিলাসমূহৰ ভিতৰত ৰাজৌৰীয়ে স্থান লাভ কৰিছে। এই সন্দৰ্ভত কালি অনুষ্ঠিত ৰাষ্ট্ৰীয় পর্যালোচনা বৈঠকত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে ৰাজৌৰি জিলাৰ প্ৰশংসা কৰে আৰু বহু প্ৰত্যাহ্বানৰ মাজত এই অভিযানৰ লক্ষ্য প্ৰাপ্তিৰ দিশত কাম কৰাৰ বাবে জিলা প্ৰশাসনৰ শলাগ লয়।
Assamese | June 4, 2025 11:45 AM | rajouri 2nd jal sanchay jan bhagidari
‘জল সঞ্চয় জন ভাগিদাৰী’ অভিযানৰ উত্তৰ-পূৰ্বাঞ্চল আৰু পাৰ্বত্য জিলা শাখাত জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ দ্বিতীয় স্থান লাভ