March 11, 2025 1:16 PM | North east railway

printer

সমাগত হোলীৰ সময়ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুঠ ৩০টা যাত্ৰাৰ বাবে বিশেষ ৰে’ল চলাচল

সমাগত হোলী আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ সময়ত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰেলৱে মুঠ ৩০টা যাত্ৰাৰ বাবে বিশেষ ৰেল চলাচল কৰোৱাব। ইতিমধ্যে নাৰেংগী-গোৰখপুৰ জংছন-নাৰেংগী, কাটিহাৰ-অমৃতসৰ-কাটিহাৰ, কামাখ্যা-আনন্দ বিহাৰ টার্মিনেল হৈ কামাখ্যা অভিমুখী ৰেলৰ লগতে মুঠ ২৬ টা যাত্ৰাৰ বাবে বিশেষ ৰেলৰ চলাচলৰ বিষয়ে ৰেলৱে সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ উপৰি ডিব্ৰুগড়ৰ পৰা জয়নগৰ হৈ পুনৰ ডিব্ৰুগড়ত উপস্থিত হবলগীয়া আৰু ডিব্ৰুগড়ৰ পৰা গোৰখপুৰলৈ যাত্ৰা কৰি পুনৰ ডিব্ৰুগড়লৈ চাৰিটা যাত্ৰাৰ বাবে ৰেল চলাচল কৰোৱা হব বুলি উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সূত্ৰই প্ৰকাশ কৰিছে।