উত্তৰ-পূৱ সীমান্ত ৰে‘লৱে মিজোৰামৰ ৰাজধানী আইজলক সংযোগ কৰা ভৈৰৱী-চাইৰাং ৰে‘লপথছোৱাৰ সুৰংগসমূহ মিজো সংস্কৃতি, ঐতিহ্য, নৃত্য আৰু জনজীৱন প্ৰতিফলিত কৰা চিত্ৰৰে সজাই তুলিছে। মুঠ ৫ হাজাৰ ২১ কোটি ৪৫ লাখ টকা ব্যয়সাপেক্ষ এই ৰে‘লপথছোৱাক ৰে‘লগাড়ী চলাচলৰ উপযোগী বুলি যোৱা ১০ জুনত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সুৰক্ষা আয়ুক্তই নিশ্চিতি দিয়াৰ পাছত এতিয়া সমগ্ৰ ৰে‘লপথছোৱাৰ সৌন্দৰ্য বৰ্ধনৰ কাম চলি আছে। অহা কেইদিনমানৰ ভিতৰতে এই ৰে‘লপথেৰে নিয়মীয়া গাড়ী চলাচল আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি আমাৰ আইজলৰ সংবাদদাতাই জনাইছে।
Assamese | June 24, 2025 8:20 PM | northeast railway
ভৈৰৱী-চাইৰাং ৰে’লপথছোৱাৰ সুৰংগসমূহত মিজো সংস্কৃতি প্ৰতিফলিত কৰা চিত্ৰ অংকন