কামৰূপ জিলাৰ বকোৰ বামুণীগাঁও ৰে‘ল ষ্টেচনৰ সমীপত আজি পুৱা এখন যাত্ৰীবাহী ৰে‘লৰ খুন্দাত তিনিগৰাকী মহিলা নিহত হয়। প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে বামুণীগাঁও ৰে‘ল ষ্টেচনৰ এন এন ২৪০ গে’ৰ্টৰ সমীপত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। ৰে‘লৰ খুন্দাত নিহত মহিলা তিনিগৰাকীক বকোৰ দুই নম্বৰ ছটাবাৰীৰ উত্তৰা দাস, ৰুমী দাস আৰু কৰবী মালী বুলি চিনাক্ত কৰা হয়। একে সময়তে দুখন ৰে’লে অতিক্ৰম কৰাত উজনিমুৱা পুৰী এক্সপ্রেছে মহিলাকেইগৰাকীক মহতিয়াই নিয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মহিলাকেইগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে।
Assamese | August 18, 2025 1:02 PM | Rail Accident
বকোৰ বামুণীগাঁও ৰে’ল ষ্টেচনৰ সমীপত আজি পুৱা এখন যাত্ৰীবাহী ৰে’লৰ খুন্দাত তিনিগৰাকী মহিলা নিহত