জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি মধ্যপ্ৰদেশৰ জনজাতি অধ্যুষিত চিউনী আৰু শ্বাহদোলত দুখন ৰাজহুৱা সভা সম্বোধন কৰি মধ্যপ্ৰদেশত দলৰ হৈ নিজৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে। ভাষণত শ্ৰীগান্ধীয়ে কংগ্ৰেছ দলে নির্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবোৰ উল্লেখ কৰে। তেওঁ ক্ষমতালৈ আহিলে কংগ্ৰেছ দলে অগ্নিবীৰ আঁচনি বন্ধ কৰি দিয়া হ’ব বুলি ঘোষণা কৰে। তেওঁ লগতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি শিক্ষাৰ্থীসকলৰ জলপানি দুগুণ কৰা হ’ব বুলিও ঘোষণা কৰে।
Assamese | April 9, 2024 11:57 AM | Rahul Gandhi
মধ্যপ্ৰদেশৰ চিউনী আৰু শ্বাহদোলত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ