কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি উত্তৰ গুজৰাটৰ পাটানত এখন নির্বাচনী সভাত অংশ গ্ৰহণ কৰে। শ্ৰীগান্ধীয়ে দেশত বৃদ্ধি পোৱা মুদ্রাস্ফীতিৰ হাৰ আৰু নিবনুৱা সমস্যাৰ বাবে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ এন ডি এ চৰকাৰৰ বিৰুদ্ধে একাংশ বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানৰ বুজন সংখ্যক ঋণ ৰেহাই দিয়া আৰু কৃষক তথা সাধাৰণ শ্ৰমিকসকলৰ প্ৰতি অন্যায়-অবিচাৰ কৰা বুলি অভিযোগ তোলে। আনহাতে, গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে ৰাজ্যখনত দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইপিনে, ইন্দোৰৰ কংগ্ৰেছৰ প্রার্থী অক্ষয় কান্তি বামে মনোনয়ন প্রত্যাহাৰ কৰাৰ লগতে আজি বিজেপিত যোগদান কৰে। চতুর্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ বাবে এয়া এটা মোক্ষম আঘাত হিচাপে পৰিগণিত হৈছে।
Assamese | April 29, 2024 8:29 PM | RAHUL GANDHI CAMPOAIGNING
উত্তৰ গুজৰাটৰ পাটানত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ নির্বাচনী প্ৰচাৰ সভা