বেংগালুৰুৰ এখন বিশেষ আদালতে আজি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ জামিন চৰ্ত সাপেক্ষে মঞ্জুৰ কৰিছে। কৰ্ণাটকৰ পূৰ্বৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁ অনা অভিযোগ সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰত তেওঁৰ জামিন মঞ্জুৰ কৰা হৈছে। অহা ৩০ জুনত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সামাজিক মাধ্যমৰ জৰিয়ে ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ অনাৰ পৰিপ্ৰেক্ষিতত বিধায়িনি পৰিষদৰ সদস্য বি এছ কেশব প্ৰসাদে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷
Assamese | June 7, 2024 8:03 PM | Rahul Gandhi
বেংগালুৰুৰ এখন বিশেষ আদালতৰ ৰাহুল গান্ধীৰ জামিন চৰ্ত সাপেক্ষে মঞ্জুৰ