কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আজি সোণাপুৰৰ কমাৰকুছিৰ জুবিন গাৰ্গ ক্ষেত্রলৈ গৈ শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা নিবেদন কৰে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ কাহিলিপাৰালৈ গৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ গভীৰ শ্ৰদ্ধা আৰু সহমর্মিতাৰ কথা প্রকাশ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত গান্ধীয়ে জুবিন গাৰ্গৰ অকাল মৃত্যু কেবল অসমবাসীৰ বাবেই নহয়, সমগ্র দেশবাসীৰ বাবেই এটা বৃহৎ ক্ষতি বুলি অভিহিত কৰে। জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পুংখানুপুংখ আৰু স্বচ্ছ তদন্ত হোৱাৰ ওপৰতো কংগ্রেছ নেতাগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
Assamese | October 17, 2025 7:45 PM | Rahul Gandhi
কমাৰকুছিৰ জুবিন গাৰ্গ ক্ষেত্রলৈ গৈ শিল্পীগৰাকীক শ্রদ্ধা নিবেদন ৰাহুল গান্ধীৰ