নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী অসম প্ৰদেশ কংগ্ৰেছৰ কর্মীসভা আৰু সতীৰ্থ সন্মিলনত অংশ লোৱাৰ বাবে পৰহিলৈ অসমলৈ আহিব। নেতা দুয়োগৰাকীক আদৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সামাজিক আৰু তথ্য প্ৰযুক্তি বিভাগে বিশেষ কার্যসূচী লৈছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। দুয়োগৰাকী নেতাই দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে দলৰ নেতা-কৰ্মীৰ সৈতে আলোচনাত মিলিত হ’ব।
Assamese | July 14, 2025 8:00 PM | Rahul Gandhi
পৰহিলৈ অসমত উপস্থিত হ’ব ৰাহুল গান্ধী আৰু মল্লিকার্জুন খাৰ্গে