May 9, 2025 11:37 AM | rabindra jayanti

printer

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আজি ১৬৪ সংখ্যক জয়ন্তী

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আজি ১৬৪ সংখ্যক জয়ন্তী। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাহিত্যৰ ন’বেল বঁটা বিজয়ী দার্শনিক শিল্পী গৰাকীৰ বিশ্বজনীন সম্প্ৰীতি, সত্য আৰু আত্ম উপলব্ধিৰ ক্ষেত্ৰত দৃষ্টিভংগীয়ে ভাৰতীয় জনসাধাৰণক সদায়ে অনুপ্ৰাণিত কৰি আহিছে বুলি মন্তব্য কৰে। কবিগুৰুৰ জয়ন্তী উপলক্ষে অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদে আয়োজন কৰা ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীতৰ চূড়ান্ত পৰ্যায়ৰ প্রতিযোগিতাসমূহ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আজি বিয়লি অনুষ্ঠিত হ’ব।