ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল প্ৰক্ৰিয়া চলি আছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ ২০ টা সমষ্টিৰ মনোনয়ন পত্ৰ বিতৰণ আৰু গ্ৰহণৰ বাবে জিলা প্রশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। পৰহিলৈ বিয়লি ৩ বজালৈকে প্রার্থীসকলে মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব। আজি কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে আৰু আগিয়া পৰিষদীয় সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে।
Assamese | March 13, 2025 8:27 PM | rabha hasang election nomination
ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অহা শনিবাৰ মনোনয়ন পত্ৰ সংগ্ৰহ-দাখিলৰ অন্তিম দিন