পুডুচেৰী আৰু কৰাইকালৰ বিভিন্ন ঠাইত আজি বিংশতম ছুনামী স্মৃতি দিৱস পালন কৰা হয়। উপ- ৰাজ্যপাল কে কৈলাশনাথন আৰু মুখ্যমন্ত্ৰী এন ৰংগাস্বামীয়ে এই স্মৃতিচাৰণ সভাখনৰ অধ্যক্ষতা কৰে। উপস্থিত লোকসকলে ২০০৪ চনত এই বিধবংসী প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সাগৰত দুগ্ধ আৰু ফুল অর্পণ কৰে। উল্লেখযোগ্য যে, এই বিপর্যয়ৰ পৰিণতিত আন বহুতো ৰাজ্যৰ লগতে তামিলনাড়ু, পুডুচেৰী, অন্ধ্ৰ প্ৰদেশ আৰু কেৰালাকে ধৰি দেশৰ বিভিন্ন স্থান ধ্বংসস্তূপত পৰিণত হৈছিল। লগতে পুডুচেৰীত ১০০জনতকৈও অধিক লোকে প্ৰাণ হেৰুওৱাৰ উপৰি হাজাৰ হাজাৰ লোক স্থানচ্যুত হৈছিল।
Assamese | December 26, 2024 8:41 PM | Puducherry
পুডুচেৰী আৰু কৰাইকালৰ বিভিন্ন ঠাইত আজি বিংশতম ছুনামী স্মৃতি দিৱস পালন