আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত অগ্নি সুৰক্ষা সুনিশ্চিত কৰা : জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সন্দৰ্ভত দিল্লী অগ্নিসেৱাৰ সঞ্চালক অতুল গাৰ্গ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ অগ্নিসেৱা বিভাগৰ সঞ্চালকপ্ৰধান প্ৰশান্ত লংকাৰৰ সৈতে হোৱা বিশেষ আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি চিকিৎসককেইগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। আগ্ৰহীসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গ’ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট_ newsonair.co.in আৰু ইউটিউব চেনেল
newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পাব।
Assamese | May 26, 2025 1:03 PM | Public speack
আকাশবাণীৰ পাব্লিক স্পীকত আজি অগ্নি সুৰক্ষা সুনিশ্চিত কৰা : জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সন্দৰ্ভত আলোচনা প্ৰচাৰ