আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত অনলাইন বিত্তীয় প্ৰবঞ্চনা সন্দৰ্ভত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয়ক কেন্দ্ৰৰ সঞ্চালক নিশান্ত কুমাৰ আৰু দিল্লী আৰক্ষীৰ বিশেষ কোষৰ যুটীয়া আয়ুক্ত ৰাজনীশ গুপ্তাৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি কিদৰে বিত্তীয় প্রবঞ্চকক চিনাক্ত কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে ক’ত অভিযোগ দাখিল কৰিব পাৰি লগতে এনে প্ৰবঞ্চনাক কিদৰে এৰাই চলিব পাৰি সেই সন্দৰ্ভত সমল ব্যক্তিসকলক প্রশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব।
Assamese | March 10, 2025 1:06 PM | Public speack
আকাশবাণীৰ পাব্লিক স্পীকত আজি নিশান্ত কুমাৰ আৰু ৰাজনীশ গুপ্তাৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ