আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত ডিজিটেল জীৱিত থকাৰ প্ৰমাণপত্ৰ সন্দৰ্ভত পেন্সন আৰু পেন্সনাৰৰ কল্যাণ বিভাগৰ যুটীয়া সচিব ধ্ৰুৱজ্যোতি সেনগুপ্তৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীক জীৱিত থকাৰ ডিজিটেল প্ৰমাণপত্ৰৰ গুৰুত্ব, ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা আদি সন্দৰ্ভত প্রশ্ন সুধিব পাৰিব। তেওঁলোকে লগতে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব । আকাশবাণীৰ এফ এম গ’ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট newsonair.co.in আৰু newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পাব।
Assamese | October 21, 2024 11:57 AM | Public speack
আকাশবাণীৰ পাব্লিক স্পীকত আজি ধ্ৰুৱজ্যোতি সেনগুপ্তৰ সৈতে হোৱা আলোচনা সম্প্ৰচাৰ