আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত জীৱিত থকাৰ ডিজিটেল প্রমাণপত্র এই সন্দৰ্ভত পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগৰ যুটীয়া সচিব ধ্ৰুৱজ্যোতি সেনগুপ্ত আৰু প্ৰতিৰক্ষা লেখা বিভাগৰ যুটীয়া মহানিয়ন্ত্ৰক মলি সেনগুপ্তৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ‘ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিদ্বয়ক এই সন্দৰ্ভত প্রশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে লগতে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব অথবা হেষ্টটেগ AskAir যোগে সামাজিক মাধ্যম X-ত প্ৰশ্ন সুবিধ পাৰিব। আকাশবাণীৰ এফ এম গল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ‘ব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পাব।
Assamese | November 18, 2024 12:10 PM | Public speack
আকাশবাণীৰ পাব্লিক স্পীকত আজি ধ্ৰুৱজ্যোতি সেনগুপ্ত আৰু মলি সেনগুপ্তৰ সৈতে আলোচনা