আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা চাৰে ন বজাত ৰাষ্ট্ৰীয় ডায়েৰীয়া প্ৰতিৰোধী অভিযান ২০২৪ সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ Gastroenterology বিভাগৰ অধ্যাপক ডাঃ গোৱিন্দ কে মাখাৰিয়া আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ শিশু স্বাস্থ্য তথা ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচীৰ তত্বাৱধায়ক আৰু উপ-আয়ুক্ত ডাঃ চোভনা গুপ্তাৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি ডায়েৰিয়া প্ৰতিৰোধ, অনাময় তথা বিশুদ্ধ খোৱাপানীকে ধৰি ডায়েৰিয়া সম্পৰ্কে তেওঁলোকক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গ’ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট newson air.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই শুনিবলৈ পাব।
Assamese | July 8, 2024 6:45 PM | air guwahati public speek
আকাশবাণীৰ পাৱলিক স্পীকত আজি ৰাষ্ট্ৰীয় ডায়েৰীয়া প্ৰতিৰোধী অভিযান ২০২৪ সন্দৰ্ভত আলোচনা