আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা চাৰে ন বজাত প্রধানমন্ত্রী আবাস যোজনাই সকলোৰে বাসগৃহৰ সপোন পূৰ কৰা সন্দৰ্ভত গ্রামীন বিকাশ মন্ত্ৰ্যালয়ৰ উপসঞ্চালক প্ৰধান গয়া প্ৰসাদ আৰু গৃহনির্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব কুলদীপ নাৰায়ণৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ‘ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি প্ৰধানমন্ত্রী আবাস যোজনা সম্পৰ্কে বিষয়া দুৰাকীক প্রশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গ‘ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্রোতাসকলে আমাৰ ৱেৱছাইট newson air.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান প্ৰচাৰ হব।
Assamese | July 1, 2024 12:41 PM | air guwahati public speek
আকাশবাণীৰ পাৱলিক স্পীকত আজি প্রধানমন্ত্রী আবাস যোজনাই সকলোৰে বাসগৃহৰ সপোন পূৰ কৰা সন্দৰ্ভত আলোচনা