আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত প্ৰাৰম্ভিক স্তৰত মানসিক সমস্যাসমূহৰ চিনাক্তকৰণ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত এইমছৰ মানসিক স্বাস্থ্য বিভাগৰ অধ্যাপক ডাঃ নন্দ কুমাৰৰ সৈতে বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ’ব। আগ্ৰহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিসকলক এই বিষয়ে প্রশ্ন সুধিব পাৰিব। তেওঁলোকে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্রশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পাব।
Assamese | June 30, 2025 11:58 AM | Public speack
আকাশবাণীৰ পাব্লিক স্পীকত আজি প্ৰাৰম্ভিক স্তৰত মানসিক সমস্যাসমূহৰ চিনাক্তকৰণ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত আলোচনা