বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব মেহমুদ আহমেদ আৰু পৰিবহণ বিশেষজ্ঞ অনিল চিকাৰাৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্রশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আমাৰ ৱেৱছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পোৱা যাব।
Assamese | January 20, 2025 12:57 PM | Public speack
আকাশবাণীৰ পাব্লিক স্পীকত আজি নিশা পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত এলানি বিশেষ আলোচনা সম্প্ৰচাৰ