প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আই চি এ গোলকীয় সমবায় সন্মিলন মুকলি কৰিব। আন্তঃৰাষ্ট্ৰীয় সমবায় জোঁটৰ ১৩০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে গোলকীয় সমবায় সন্মিলন তথা সাধাৰণ সভা ভাৰতত অনুষ্ঠিত হ’ব। এই উপলক্ষে শ্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ ২০২৫ৰ সৈতে সংগতি ৰাখি এটা স্মাৰক ষ্টাম্প মুকলি কৰিব। এই অনুষ্ঠানত প্ৰায় ৩ হাজাৰ বিদেশী তথা ভাৰতীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ছদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমবায়সমূহ এলানি অনুষ্ঠান তথা আলোচনাৰ উদ্দেশ্যে একত্রিত হ’ব। এইবেলি এই সন্মিলনৰ বিষয়বস্তু হৈছে- সমবায়ে সকলোৰে বাবে সমৃদ্ধি কঢ়িয়াই আনে। এই সন্মিলনত সকলোৰে বাবে শান্তিপূর্ণ, সর্বাত্মক তথা সমৃদ্ধ ভৱিষ্যত সৃষ্টি কৰাৰ ক্ষেত্ৰত সমবায়ৰ ভূমিকা অন্বেষণ কৰা হ’ব। ভূটানৰ প্ৰধানমন্ত্ৰী ডাছ’ শ্বাৰিং টবগে, ফিজিৰ উপ-প্রধানমন্ত্রী মানোৱা কামিকামিকায়ো অনুষ্ঠানত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে ১৮৯৫ চনত আন্তঃৰাষ্ট্ৰীয় সমবায় জোঁট স্থাপন কৰা হৈছিল।
Assamese | November 25, 2024 11:47 AM | Prime Minister Narendra Modi to inaugurate Global Cooperative Conference in New Delhi today
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আই চি এ গোলকীয় সমবায় সন্মিলন মুকলি কৰিব