প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছলাম ধৰ্মৰ ইছমাইলী গুৰু প্রিন্স কৰিম আগা খান চতুৰ্থৰ বিয়োগত কালি গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে আগা খানে তেওঁৰ জীৱন সেৱা মনোভাৱ আৰু আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে অতিবাহিত কৰে। প্ৰধানমন্ত্রীয়ে লগতে কয়, যে আগা খান চতুর্থই স্বাস্থ্য, শিক্ষা, গ্ৰামোন্নয়ন আৰু মহিলা সবলীকৰণৰ বাবে কৰা কৰ্মৰাজিয়ে ভালেমান লোকক অনুপ্ৰাণিত কৰি থাকিব। প্রধানমন্ত্ৰী মোদীয়ে সমগ্ৰ বিশ্বৰ আগা খানৰ কোটি কোটি শুভাকাংক্ষী, অনুগামী আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
Assamese | February 6, 2025 11:12 AM | Prime Minister Modi recalls his interactions with late Prince Karim Aga Khan IV
ইছলাম ধৰ্মৰ ইছমাইলী গুৰু প্রিন্স কৰিম আগা খান চতুৰ্থৰ বিয়োগত প্ৰধানমন্ত্ৰী মোদীৰ শোক