ভাৰতীয় প্রশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া প্রভাতি থাওচেনে আজি অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি বাজভবনত আয়োজিত এটা অনুষ্ঠানত শ্রীমতী থাওচেনক শপতবাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানৰ আৰম্ভণিতে ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই শপতগ্রহণ অনুষ্ঠান আৰম্ভ কৰাৰ বাবে ৰাজ্যপালগৰাকীৰ অনুমতি বিচাৰে। অনুষ্ঠান শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, কেইবাগৰাকীও শীর্ষ বিষয়া, অসম লোকসেৱা আয়োগৰ কেইবাগৰাকীও সদস্যৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ আগেয়ে আয়োগৰ সদস্য হিচাপে কার্যনির্বাহ কৰি থকা শ্রীমতী থাওচেনক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰি অসম চৰকাৰৰ কৰ্মচাৰী বিভাগৰ আযুক্ত সচিব এম মনিৰন্ননে কালি এটা নির্দেশ জাৰি কৰিছিল।
Assamese | November 6, 2025 7:40 PM | Prabhati thousen
অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে প্রভাতি থাওচেনৰ আজি কাৰ্যভাৰ গ্ৰহণ