সদৌ অসম পলিটেকনিক প্রতিষ্ঠাপক প্রবক্তা সংস্থাই ৰাজ্যখনত বিভিন্ন অভিযান্ত্রিক প্ৰতিষ্ঠানত কৰ্মৰত অংশকালীন প্রবক্তাসকলৰ স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। আজি গুৱাহাটী মহানগৰীৰ চচলৰ প্ৰতিবাদস্থলীত আয়োজিত এখন সংবাদমেলত সংস্থাৰ উপদেষ্টা ড০ নেত্ৰমণি বৰুৱাই কয়, যে ২০১৭ চনত ৰাজ্যখনত নতুনকৈ স্থাপিত ১১খন পলিটেকনিকত মেধাৰ ভিত্তিত অংশকালীন প্ৰবক্তাসকলক নিযুক্তি দিয়া হৈছিল। কিন্তু শেহতীয়াভাৱে অসম চৰকাৰে ৬৪ গৰাকী অংশকালীন প্রবক্তাক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্তক ড০ বৰুৱাই অবিবেচকী বুলি অভিহিত কৰে। তেওঁ কয়, যে অসম মন্ত্রীসভাই এইসকল প্রবক্তাক থ্রী এফ অধিনিয়মৰ অধীনত নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল যদিও এই সিদ্ধান্ত ৰাজ্য চৰকাৰে ৰূপায়ণ নকৰা বুলি তেওঁ অভিযোগ কৰে।
Assamese | March 13, 2025 8:33 PM | polytechnic teacher
ৰাজ্যৰ অভিযান্ত্রিক প্ৰতিষ্ঠানত কৰ্মৰত অংশকালীন প্রবক্তাসকলৰ স্থায়ী নিযুক্তিৰ দাবী সদৌ অসম পলিটেকনিক প্রতিষ্ঠাপক প্রবক্তা সংস্থাৰ