প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰহিলৈ মঙলদৈৰ পুনিয়াত হ’বলগীয়া জনসভাৰ পৰিপ্ৰেক্ষিতত কাইলৈ মাজনিশাৰ পৰা দেওবাৰৰ মাজনিশালৈকে কাৰ্যকৰী হোৱাকৈ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সকলো ধৰণৰ গধূৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। তদুপৰি দৰং জিলা প্ৰশাসনে এই সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ আউলা চৌকাৰ পৰা বেজপাৰা-ইছলামপুৰ চাৰিআলি হৈ কেৰিমেৰি পথেৰে মঙলদৈ নগৰৰ বাহিৰেৰে চাৰিচকীয়া লঘূ যান-বাহনৰ চলাচল কৰোৱাৰ নিৰ্দেশ দিছে।
Assamese | September 12, 2025 8:05 PM | pm visit darrang
কাইলৈ মাজনিশাৰ পৰা দেওবাৰৰ মাজনিশালৈকে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সকলো ধৰণৰ গধূৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ