প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছক ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজৰ এখন গুৰুত্বপূৰ্ণ সেঁতু বুলি অভিহিত কৰিছে। পোর্ট লুইত যোৱা নিশা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে এটা মত-বিনিময় অনুষ্ঠানত ভাগ লৈ শ্রীমোদীয়ে কয় যে মৰিচাছ হৈছে ভাৰতৰ সাগৰ দৰ্শনৰ কেন্দ্ৰবিন্দু। ২০১৫ চনত দ্বীপ ৰাষ্ট্ৰখন ভ্ৰমণৰ সময়ত প্রধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে সাগৰ দৰ্শনৰ বিষয়ে ঘোষণা কৰিছিল। দুয়োখন দেশৰ মাজৰ গভীৰ সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে দ্বীপ ৰাষ্ট্ৰখনত নতুন সংসদ ভৱন নিৰ্মাণকে ধৰি সৰ্বাংগীন বিকাশত সমৰ্থন আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰে। প্ৰবাসী ভাৰতীয়সকলৰ ভাৰতৰ ঐতিহ্য, সংস্কৃতি আৰু প্ৰমূল্যৰ সৈতে থকা শক্তিশালী বান্ধোন সঁচাকৈয়ে প্ৰেৰণাদায়ক বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ এই ঐতিহাসিক আৰু আত্মিক বান্ধোন উত্তৰ প্ৰজন্মলৈ সঞ্চাৰিত হৈ থাকিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীচন্দ্ৰ ৰামগুলাম, তেওঁৰ পত্নী আৰু অন্যান্য কেবিনেট মন্ত্রীসকল উপস্থিত থাকে।
Assamese | March 12, 2025 12:06 PM | pm on mauritius
ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজৰ এখন গুৰুত্বপূৰ্ণ সেঁতু মৰিচাছঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী