প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটোৰ ১২৬ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।
Assamese | September 27, 2025 8:22 PM | PM Modi to Address Nation in 126th Episode of Mann Ki Baat on Sep 28
আকাশবাণীত কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২৬সংখ্যক ‘মন কী বাত’ অনুষ্ঠান