প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত চাৰিখন শ্রম বিধি ৰূপায়ণৰ চৰকাৰৰ সিদ্ধান্তক প্ৰশংসা কৰিছে সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে কয় যে এই বিধিকেইখনে সার্বজনীন সামাজিক নিৰাপত্তা সময়মতে ন্যূনতম মজুৰি প্ৰদান, সুৰক্ষিত কৰ্মস্থান, মহিলা আৰু যুৱক-যুৱতীকে ধৰি জনসাধাৰণৰ বাবে পাৰিতোষিকৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত এটা সবল ভেটি গঢ়ি তুলিব। তেওঁ কয় যে এই পদক্ষেপে শ্রমিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে দেশৰ অৰ্থনৈতিক বিকাশক শক্তিশালী কৰিব পৰাকৈ এটা ভৱিষ্যমুখী পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাত সহায় কৰিব। প্রধানমন্ত্ৰীয়ে কয় যে এই সংস্কাৰসমূহে নিয়োগ সৃষ্টিত অৰিহনা যোগোৱাৰ লগতে বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাক ত্বৰান্বিত কৰিব।
Assamese | November 21, 2025 9:23 PM | PM Modi Hails Implementation of Four Labour Codes
দেশত চাৰিখন নতুন শ্রম বিধি ৰূপায়ণৰ সিদ্ধান্তক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা