প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা বিজেপি প্রার্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি চন্দ্ৰপুৰ ভ্ৰমণ কৰিব। মৰৱা বিমানবন্দৰ গ্ৰাউণ্ডত হ’বলগীয়া জনসভাত ৰাজ্যখনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ মহাযুটি মিত্ৰজোঁটৰ নেতাই অংশগ্ৰহণ কৰিব। ৰাজ্যখনৰ বনমন্ত্ৰী সুধীৰ মুংগাণ্টিৱাৰে চন্দ্ৰপুৰ লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে গৰচিৰলিৰ বৰ্তমানৰ সাংসদ অশোক নেতেয়ে গৰচিৰলি লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰামটেক লোকসভা সমষ্টিৰ কানহান অঞ্চলত অহা ১০ এপ্রিলত মহাযুটি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাজু পাৰৱেৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল’ব। উল্লেখযোগ্য যে, ৰাজু পাৰৱেই গ্রাম্য নাগপুৰৰ পৰা ৰামটেক লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। পূব বিদৰ্ভৰ নাগপুৰ, ৰামটেক, হান্দ্ৰাপুৰ, গৰচিৰলি চিমুৰ আৰু ভান্দাৰা গন্দিয়াকে ধৰি ৫টা সমষ্টিত অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’ব।
Assamese | April 8, 2024 12:20 PM | PM Modi Campaign
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ ভ্ৰমণ কৰিব