প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুৰ পৰা কন্যাকুমাৰীলৈ সফলতাৰে চাইকেল যাত্রা সমাপ্ত কৰাৰ বাবে এছ. সুৰেশ কুমাৰক ভূয়সী প্রশংসা কৰিছে। এটা শুভেচ্ছা বার্তাত প্রধানমন্ত্রীয়ে কয়, যে এই সফলতা কেৱল প্রশংসনীয়া আৰু প্ৰেৰণাদায়কেই নহয়, ই তেওঁৰ মনোবল আৰু অদম্য সাহসৰো পৰিচায়ক। শ্রীমোদীয়ে লগতে জোৰ দি কয়, যে এনে প্রচেষ্টাই শাৰীৰিক যোগ্যতা আৰু দৃঢ় সংকল্পৰ গুৰুত্বপূৰ্ণ বার্তা সমাজলৈ প্ৰেৰণ কৰে। বিশেষকৈ স্বাস্থ্যগত বিভিন্ন গুৰুতৰ সমস্যা অতিক্রমি আহৰণ কৰা এনে সফলতাই সকলোকে অনুপ্ৰেৰণা যোগাব। প্রধানমন্ত্রী মোদীয়ে ফোনযোগে শ্রীকুমাৰৰ প্ৰচেষ্টা আৰু সাহসৰ প্ৰশংসা কৰে।
Assamese | January 2, 2026 11:45 AM
বেংগালুৰুৰ পৰা কন্যাকুমাৰীলৈ সফলতাৰে চাইকেল যাত্রা সমাপ্ত কৰাৰ বাবে এছ. সুৰেশ কুমাৰক প্রশংসা প্রধানমন্ত্রীৰ