প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত ইটালীৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী এন্ট’নিয় টাজানিৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত লিখা এটা প’ষ্টত প্রধানমন্ত্রীয়ে কয়, যে ভাৰত আৰু ইটালীৰ বন্ধুত্ব ক্রমে অধিক শক্তিশালী হৈ উঠিছে। ইয়াৰ ফলত উভয় দেশৰ জনসাধাৰণ আৰু আন্তঃৰাষ্ট্রীয় সম্প্রদায় লাভান্বিত হৈছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। বাণিজ্য, বিনিয়োগ, গবেষণা, উদ্ভাবন, প্ৰতিৰক্ষা, মহাকাশ, যোগাযোগ, সন্ত্রাসবাদ বিৰোধী, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে মূল ক্ষেত্ৰসমূহত ২০২৫ৰ পৰা ২০২৯ বর্ষ পর্যন্ত বাহাল থাকিব লগা ইটালী-ভাৰত যুটীয়া কৌশলগত কার্য পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত দুয়োপক্ষই গ্ৰহণ কৰা সক্রিয় পদক্ষেপৰো তেওঁ শলাগ লয়।
Assamese | December 11, 2025 11:28 AM | PM
ইটালীৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী এন্ট’নিয় টাজানিৰ সৈতে প্রধানমন্ত্রীৰ বৈঠক