প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অত্যাধুনিক বিজ্ঞান আৰু প্রযুক্তি উদ্ভাৱন সম্মিলন ESTIC-2025 মুকলি কৰিব। অনুষ্ঠানত প্রধানমন্ত্রীগৰাকীয়ে দেশৰ গৱেষণা আৰু উন্নয়নৰ বাতাবৰণ অধিক বিকশিত কৰি তোলাৰ উদ্দেশ্যে ১ লাখ কোটি টকাৰ গৱেষণা, উন্নয়ন আৰু উদ্ভাবন আঁচনি পুঁজি মুকলি কৰিব। এই সন্মিলন অহা ৫ নৱেম্বৰত অন্ত পৰিব। ESTIC-2025-ৰ জৰিয়তে শৈক্ষিক, গৱেষণা প্রতিষ্ঠান, উদ্যোগ আৰু চৰকাৰৰ তৰফৰ পৰা ৩ হাজাৰতকৈও অধিক প্রতিনিধিয়ে পৰস্পৰৰ সংস্পর্শলৈ অহাৰ সুযোগ পাব। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আলোচনাচক্র, প্রযুক্তি প্রদর্শন, প্রকল্প ব্যাখ্যা আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এনে পদক্ষেপৰ জৰিয়তে দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ বাতাবৰণ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে গবেষক, উদ্যোগ খণ্ড তথা যুৱ উদ্ভাৱকসকলৰ মাজত পৰস্পৰৰ সংস্পর্শলৈ অহাৰ বাবে এখন মঞ্চ সৃষ্টি কৰাৰ প্ৰয়াস চলোৱা হৈছে।
Assamese | November 3, 2025 12:47 PM | PM
নতুন দিল্লীত আজি প্রধানমন্ত্রীৰ অত্যাধুনিক বিজ্ঞান আৰু প্রযুক্তি উদ্ভাৱন সম্মিলন ESTIC-2025 মুকলি