ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ বদৰ অব্দেলটীয়ে আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্রধানমন্ত্রী মোদীয়ে গাজা শান্তি চুক্তি শান্তি চুক্তিৰ ক্ষেত্ৰত পালন কৰা গুৰুত্বপূর্ণ ভূমিকাৰ বাবে ৰাষ্ট্ৰপতি অব্দেল ফটৰ অল চিচিক ধন্যবাদ জ্ঞাপন কৰে আৰু এই চুক্তিয়ে অঞ্চলটোত স্থায়ী শান্তি স্থাপন কৰিব বুলি আশা প্রকাশ কৰে। বিদেশ মন্ত্রী অব্দেলটীয়ে প্রধানমন্ত্রী মোদীক তেওঁৰ ভ্ৰমণ কালত হ’বলগীয়া প্ৰথম ভাৰত-ইজিপ্ত ৰণকৌশল বাৰ্তাৰ বিষয়ে অবগত কৰে। প্রধানমন্ত্রীযে বাণিজ্য, প্রযুক্তি, শক্তি, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সহযোগিতা বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্রগতিক লৈ সন্তুষ্টি প্রকাশ কৰে।
Assamese | October 17, 2025 8:34 PM | PM
ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ বদৰ অব্দেলটীৰ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ