প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ’ কনফাৰেন্সিড ব্যৱস্থাৰ মাধ্যমেৰে অষ্টদশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানৰ নতুনকৈ নিযুক্তি লাভ কৰা ৬১ হাজাৰতকৈও অধিক যুৱক-যুৱতিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তেওঁ জনসভাকো সম্বোধন কৰিব। দেশৰ ৪৫টা স্থানত এই অষ্টদশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। গৃহ মন্ত্রালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ লগতে বিত্তীয় সেৱা, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ বিভাগত যুৱক যুৱতিসকলে নিযুক্তি লাভ কৰিছে। উল্লেখযোগ্য যে, নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ৰোজগাৰ মেলা চৰকাৰৰ এটা গুৰুত্বপূর্ণ পদক্ষেপ। সমগ্র দেশতে এই মেলাৰ জৰিয়তে এতিয়ালৈ ১১ লাখতকৈও অধিক যুৱক-যুৱতিক নিযুক্তি পত্র প্রদান কৰা হৈছে।
Assamese | January 23, 2026 7:49 PM | PM
কাইলৈ অষ্টদশ ৰোজগাৰ মেলাত ৬১ হাজাৰতকৈও অধিক যুৱক-যুৱতিক নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্রীৰ