কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত মাইলৰ খুটিৰূপে পৰিগণিত হ‘ব বুলি মন্তব্য কৰিছে। শ্রীগোৱেলে আজি নতুন দিল্লীত ব্ৰিটেইনৰ ব্যৱসায় আৰু বাণিজ্য মন্ত্ৰী জোনাথন ৰে‘নল্ডছৰ নেতৃত্বত অহা এটা প্ৰতিনিধি দলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত দুয়োপক্ষই এখন নিকা, পৰস্পৰৰ বাবে লাভজনক আৰু সন্তুলিত মুক্ত বাণিজ্য চুক্তি সম্পাদনৰ ক্ষেত্ৰত এতিয়ালৈকে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে পর্যালোচনা কৰে। বৈঠকত শ্রীগোৱেলে অর্থনৈতিক সহযোগিতা সুদৃঢ় কৰি ভাৰত-ব্ৰিটেইন অংশীদাৰিত্বক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোঁহাৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্রীগোৱেলে কয়, যে ব্ৰিটেইনত নতুন চৰকাৰ গঠন হোৱাৰ পাছত দেশখনৰ ব্যৱসায় আৰু বাণিজ্য মন্ত্ৰী জোনাথন ৰে‘নল্ডছৰ এয়া হৈছে প্ৰথমটো ভাৰত ভ্ৰমণ ৷ আজিৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সামৰি ইতিবাচক আলোচনা হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | February 25, 2025 8:07 PM | piysh gowel
ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত মাইলৰ খুটিৰূপে পৰিগণিত হ’ব বুলি পিয়ুছ গোৱেলৰ মন্তব্য