May 27, 2025 6:49 PM | Piyusis hazarika

printer

ওদালগুৰিৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পীযূষ হাজৰিকাৰ বৈঠক

ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাই আজি জিলাখন ভ্ৰমণৰ দ্বিতীয় দিনা তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ সফল ৰূপায়ন নিশ্চিত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত অংশ লয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে যাতে যোগ্য হিতাধিকাৰী আঁচনিৰ সুবিধাৰ লাভৰ পৰা বঞ্চিত নহয় এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সকলোকে আহ্বান জনায়। অসম চৰকাৰৰ এই অভিলাষী আঁচনিৰ দ্বাৰা মহিলা সবলীকৰণ, দৰিদ্ৰতা দূৰীকৰণ আৰু আৰ্থিক সবলীকৰণৰ বাবে প্ৰয়াস কৰা হৈছে বুলি উল্লেখ মন্ত্ৰীগৰাকীয়ে সমাজৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত মহিলাসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। আজিৰ সভাত জিলাখনৰ পৰা শিল্পী পেন্সন আৰু বাৰ্ষিক শিল্পী সন্মান লাভ কৰা ছগৰাকী ব্যক্তিক মন্ত্ৰী হাজৰিকাই প্ৰমাণপত্ৰ বিতৰণ কৰে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা প্ৰতিটো বিধান সভা সমষ্টিৰ এটাকৈ পঞ্জীয়নভুক্ত যুৱ সংঘক আৰ্থিক অনুদান প্ৰদানৰ বাবে লোৱা লক্ষ্য অনুসৰি জিলাখনৰ চাৰিটা সংঘৰ প্ৰতিনিধিক আজিৰ অনুষ্ঠানত চেক বিতৰণ কৰা হয়। এই সভাত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, সাংসদ দিলীপ শইকীয়া, কেইবাগৰাকীও বিধায়ক আৰু অন্য ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।