আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ঘোষণা কৰা ২৫ শতাংশৰ আমদানী শুল্কৰ বাবে ভাৰতীয় বজাৰসমূহত ছহেজাৰ কোটি ডলাৰৰ লোকচান হোৱা হেঁতু ভাৰতত বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে বুলি পাকিস্তানৰ পৰা চলোৱা অপপ্ৰচাৰ চৰকাৰে খাৰিজ কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰ পি আই বিৰ তথ্য পৰীক্ষা গোটে এই দাবীক বিভ্ৰান্তিকৰ আৰু ভুৱা বুলি অভিহিত কৰিছে। পি আই বিয়ে দেশত বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিছে। পি আই বিয়ে লগতে জনসাধাৰণৰক সতৰ্ক হৈ থাকিবলৈ আৰু নিৰ্ভৰযোগ্য তথ্যৰ বাবে আনুষ্ঠানিক সূত্ৰৰ ওপৰতহে ভৰসা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।
Assamese | August 1, 2025 11:14 AM | PIB
দেশত বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰা হোৱা নাই বুলি পি আই বিৰ স্পষ্টতা