নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা বছৰৰ ৫ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ হ’বলগীয়া বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন অর্থাৎ ৱেভছৰ প্ৰস্তাৱনা কাৰ্যসূচীৰ অংশ হিচাপে আজি ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেচন ব্যুৰ’ গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক গণমাধ্যম, মনোৰঞ্জন আৰু বিষয়বস্তু সৃষ্টিৰ গতিশীল জগতখনৰ সৈতে সংযুক্ত কৰোৱাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত গণমাধ্যম শিক্ষাৰ সৈতে জড়িত ছাত্ৰ- ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ পৰা জ্ঞান আৰহণ কৰি নিজৰ সৃজনীশক্তিৰ বিকাশ সাধন সম্পৰ্কে পৰামৰ্শ দিয়া হয়। এই অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ্থীসকল আৰু উদ্যোগক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ মাজত সংযোগ সাধনৰো প্ৰয়াস কৰা হৈছে। আজিৰ অনুষ্ঠানত প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্ৰধান কে সতীশ নম্বুদিৰিপাদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত উপস্থিত থাকে। উল্লেখযোগ্য যে অহা ফেব্ৰুৱাৰীত নতুন দিল্লীত হ’বলগীয়া ৱেভছৰ শীৰ্ষ সন্মিলনত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ঔদ্যোগিক নেতা, কণ্টেণ্ট ক্রিয়েটৰ আৰু মনোৰঞ্জন উদ্যোগৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলে অংশগ্রহণ কৰিব।
Assamese | November 25, 2024 8:11 PM | PIB
ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেচন ব্যুৰ’ গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠানৰ আয়োজন