July 13, 2024 8:40 PM | pera olympic assam

printer

২০২৬ চনৰ পেৰা এছিয়ান গেমছ আৰু ২০২৮ চনৰ পেৰা অলিম্পিকলৈ ৰাজ্যৰ খেলুৱৈসকলক সাজু কৰাৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰৰ পদক্ষেপ গ্ৰহণ

অসম পেৰা অলিম্পিক সংস্থাই ২০২৬ চনৰ পেৰা এছিয়ান গেমছ আৰু ২০২৮ চনৰ পেৰা অলিম্পিকলৈ ৰাজ্যৰ খেলুৱৈসকলক সাজু কৰাৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰ আৰম্ভ কৰাৰ বাবে পদক্ষেপ হাতত লৈছে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত অসমৰ পেৰা ক্রীড়াবিদসকলে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্রদর্শন কৰিবলৈ সমৰ্থ হৈছে। এই অনুযায়ী চীনত অনুষ্ঠিত পেৰা এছিয়ান গেমছত আনোৱাৰ ছিকদাৰে ভাৰতীয় সাঁতোৰ দলক প্রতিনিধিত্ব কৰিছিল। ইটালীত অনুষ্ঠিত বিশ্ব পেৰা চেম্পিয়নতো খেলুৱৈগৰাকীয়ে দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল। অসমৰ পেৰা সাঁতোৰবিদসকলৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সফলতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ ৰাজ্যিক সংস্থাটোৱে ছগৰাকীক খেলুৱৈক জাপানত হ’বলগীয়া পেৰা এছিয়ান গেমছ আৰু আমেৰিকাত হ’বলগীয়া পেৰা অলিম্পিকলৈ সাজু কৰাৰ লক্ষ্যৰে উন্নত প্ৰশিক্ষণ দিবলৈ মনস্থ কৰিছে। এই উদ্দেশ্যেৰে সংস্থাটোৱে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সৈতে এখন চুক্তি সম্পন্ন কৰিছে। চুক্তি অনুসৰি ৰাজ্যৰ ৬ গৰাকী নিৰ্বাচিত পেৰা সাঁতোৰবিদক এবছৰৰ বাবে অর্থাৎ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কাৰণে অনুশীলনৰ সকলো ব্যয় ষ্টেট বেংক অৱ ইণ্ডিয়াই বহন কৰিব। চুক্তি অনুসৰি ধুনু টাও, আনোৱাৰ ছিকদাৰ, কৃষ্ণ দাস, য়েছমিনা খাতুন, ছাজিদা বেগম আৰু প্ৰীতি দাসক অনুশীলনৰ বাবে নিৰ্বাচন কৰা হৈছে।