পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে শেহতীয়াকৈ অনুষ্ঠিত পেঞ্চন আদালতত জ্যেষ্ঠ নাগৰিক আৰু পৰিয়াল পেঞ্চনাৰসকলৰ ৮১৫ টা ওজৰ আপত্তি নিষ্পত্তি কৰিছে। ব্যক্তিগত ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্রালয়ে জনোৱা মতে প্ৰতিৰক্ষা, গৃহ পৰিক্ৰমা, বিত্ত, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা তথা অসামৰিক বিমান পৰিৱহনকে ধৰি ৩০ টা মন্ত্রালয় আৰু বিভাগৰ এহাজাৰতকৈ বেছি ওজৰ আপত্তি নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হৈছে। মন্ত্রালয়ে জনোৱা মতে যোৱা ১৬ তাৰিখে নিষ্পত্তি নোহোৱা গোচৰসমূহ সন্দর্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হৈ যায়।
Assamese | January 23, 2026 7:51 PM | Pensioner
জ্যেষ্ঠ নাগৰিক আৰু পৰিয়াল পেঞ্চনাৰসকলৰ ৮১৫ টা ওজৰ আপত্তি নিষ্পত্তি