প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, খেলুৱৈসকলে প্ৰতিযোগিতাত নিজৰ সৰ্বোচ্চ উজাৰি দিব আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি তেওঁ বিশ্বাসী। খেলুৱৈসকলৰ জীৱন কাহিনী আৰু সাফল্যই ১৪০ কোটি ভাৰতীয়ৰ প্ৰাণত আশাৰ সঞ্চাৰ কৰে বুলিও তেওঁ লগতে প্ৰকাশ কৰে।
Assamese | July 5, 2024 12:55 PM | Paris Olympics
পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ সৈতে প্রধানমন্ত্ৰীৰ মত বিনিময়