ভাৰতীয় পুৰুষ হকী দলে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ভাৰতে আজি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনক ২-১ গলত পৰাস্ত কৰে। ইপিনে পেৰিছ অলিম্পিকৰ মল্লযুদ্ধত বৰ্তি থকা একমাত্ৰ ভাৰতীয় পুৰুষ মল্লযোদ্ধা অমন শ্বেহৰাৱাটে ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি কোৱাৰ্টাৰ ফাইনেলত আলবেনিয়াৰ প্ৰতিদ্বন্দ্বীক ১২-০ ফলাফলত পৰাস্ত কৰে। খেলুৱৈগৰাকী আজি নিশা প্ৰায় ৯ বাজি ৪৫ মিনিটত ছেমিফাইনেলত জাপানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | August 8, 2024 8:01 PM | Paris Olympic 2024
ভাৰতীয় পুৰুষ হকী দলৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন