চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কালি ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। এইবাৰৰ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় এহেজাৰ ৫০০ পেৰা এথলীটে ১৫৫ টা শিতানত প্রতিদ্বন্দিতা আগবঢ়াব। দেশৰ কেইবাগৰাকীও তাৰকা পেৰা এথলীটে প্ৰতিযোগিতাত নিজৰ অংশগ্রহণ সুনিশ্চিত কৰিছে। তেওঁলোকৰ ভিতৰত জেভেলিনত সুমিত অন্তিল আৰু নৱদীপ সিং, হুইল ছেয়াৰ ৰেছিঙত মনোজ চাবাপাথি, শ্বটপুটত মনোজ শিংগৰাজ, মুথুৰাজা আৰু হোকাতো চেমা, হাইজাম্পত মাৰিয়াপ্পান থাংগাৱেলু আৰু ডিচকাচ থ্রোত যোগেশ কথুনিয়া অন্যতম।
Assamese | February 18, 2025 12:14 PM | Para athelatics
ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ