ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। আজি বিয়লি দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। তেওঁ কয়, যে বৰ্তমান ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰস্তুতিৰ কাম চলি আছে আৰু ৩০ ডিচেম্বৰৰ ভিতৰত ভোটাৰ তালিকা প্রকাশ পালে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। নির্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি ড° শৰ্মাই প্ৰকাশ কৰে। দিছপুৰত আজি আয়োজিত সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ৰাজ্য মন্ত্রীসভাই গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰি কয়, যে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ নাম শ্ৰীভূমি জিলালৈ পৰিৱৰ্তন কৰা হ’ব। ৰাজ্যখনলৈ দেশ-বিদেশৰ পৰা অধিক পুঁজি বিনিয়োগক আকৰ্ষিত কৰা আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত অসম বিনিয়োগ আৰু আন্তঃগাঁথনি মেলাৰ আয়োজন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই বিনিয়োগ মেলালৈ আমন্ত্রণ জনোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
Assamese | November 19, 2024 8:42 PM | Panchyat election
ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীত পঞ্চায়ত নিৰ্বাচন